Website কি?
ৱেবচাইট ইন্টাৰনেটৰ লগত জৰিত বিষয়, যিসকল মানুহৰ ইন্টাৰনেটৰ লগত সম্পৰ্ক আছে সেইসকল লোকে এই বিষয়ে জানিব পাৰে। এতিয়া আগবাঢ়ো ৱেবচাইট কি?
এটা ৱেবচাইট ৱেব পৃষ্ঠাবোৰৰ সংগ্ৰহ যাক ৱেবচাইট বুলিব পাৰি নাইবা এটা ৱেবচাইট ইন্টাৰনেটত উপলব্ধ থকা এটাৰ লগত আনটো পৃষ্ঠা জৰিত হৈ থকা ৱেব পৃষ্ঠা বোৰৰ সংগ্ৰহ। ইয়াৰ অৰ্থ এয়ে যে যাৰ ভিতৰত ভালেমান ৱেব পৃষ্ঠা থাকে তাক ৱেবচাইট বুলিব পাৰি। এতিয়া আপুনি ভাবিব পাৰে ৱেবপৃষ্ঠা কি (web page)! ৱেবপৃষ্ঠা হয় সেইবোৰ যত কিবা তথ্য, খবৰ, জাননী, সম্ভেদ দিয়া যায় বা পোৱা যায়। ধৰিলোৱা যাওঁক যেতিয়া আপুনি ইন্টাৰনেটত মোবাইলৰে নাইবা লেপটপ বা কম্পিউটাৰত বিচৰা বা search কৰা যেনে_কোনো বস্তুৰ বিষয়ে জানিব বিচাৰে, কিবা কিনিব বিচাৰে, কিবা কাহিনী পঢ়িব খোজে তেতিয়া আপুনি ইণ্টানেটত বিচাৰে। আপুনি যি বিচাৰিছে সি ইন্টাৰনেটৰ কোনো নহয় কোনো পৃষ্ঠাৰ পৰা আনি দিব। এটা ৱেবছাইটত বহুত পিষ্ঠা থাকে, একেটা ৱেবচাইট ৰে বেলেগ বেলেগ বিষয় বা বস্তুৰ কাৰণে বেলেগ বেলেগ পৃষ্ঠা থাকে।
উদাহণস্বৰূপে ভাবি লওক Google ত কম্পিউটাৰৰ বিষয়ে বিচাৰিলো। তেতিয়া google য়ে কৰিব কি! ইন্টাৰনেটত যিমান বোৰ কম্পিউটাৰৰ লগত জৰিত তথ্য আছে সেই সকলো বোৰ আপোনাক আনি দিব। Google য়ে এইটো কেনেকৈ আনি দিব! ইন্টাৰনেটত এই বিষয়টোৰ ওপৰত যি যি মুখ্য ৱেবচাইট আছে সেইবোৰত গৈ google য়ে বিচাৰিব আপুনি যি বিষয়ে বিচাৰিছে সেইবোৰ কোনটো ৱেবচাইট ত আছে। তাৰ পিছত গুগলে সেই ৱেবচাইটৰ পৰা আপুনি বিচৰা বিশেষ তথ্য থকা পৃষ্ঠাটোৰ ঠিকনা আনি আপোনাক দিব যত চুই আপুনি বিচৰা বিষয়ে পঢ়িব পাৰিব। যত পঢ়িব আপুনি বিচৰা বিষয়টোৰ বিষয়ে সেইটো হব ৱেবপৃষ্ঠা আৰু এই ৱেবপৃষ্ঠাটো কোনো নহয় কোনো ৱেবচাইটৰ অংশ। এইদৰে ৱেবচাইটয়ে নিজৰ কাম কৰি থাকে।
মানুহে কিয় ৱেবচাইট বনায় লয়!
ৱেবচাইট কি কাৰণে বনায়! সাধাৰণতে দেখা যায় মানুহে দুটা কাৰণত ৱেবচাইট বনায়। এটা কাৰণ হল বিনামূলীয়াকৈ জ্ঞান দিয়াৰ কাৰণে আৰু আনটো হৈছে ব্যৱসায়ৰ কাৰণে। আজিৰ দিনত যিমান অনলাইন সামগ্ৰী বিক্ৰী কৰা কোম্পানী আছে সকলোৱে নিজৰ নিজৰ ৱেবচাইট বনায় ৰাখিছে যত আপুনি যি সামগ্ৰী কিনিব বিচাৰে কিনিব পাৰে।
আজিৰ দিনত ৱেবচাইটৰ সহায়ত মানুহে ঘৰত বহি তিউচন শিকে, কম্পিউটাৰ কৰ্চ শিকে, স্কুল কলেজৰ যি বিষয় বিজ্ঞান, গণিত, ইংৰাজী আদি বিষয়ৰ প্ৰশ্ন উত্তৰ আলোচনাৰ লগতে শিকা কৌশল ৱেবচাইট ত অনলাইন ৰ যোগেদি কৰিব পৰা হৈছে। গতিকে আজিৰ দিনত ৱেবচাইটৰ কাৰণে বহুত কাম আমাৰ কম সময়ত আৰু সহজতে সম্ভৱ হৈছে। গতিকে ৱেবচাইট বৰ্তমান সময়ত এনে সঁজুলি হৈ গৈছে যাৰ সহায়ত আপুনি যি কোনো কাম কৰিব পাৰে।
ৱেবচাইটৰ কথা জনিলো এতিয়া ৱেবচাইট চিনিম কেনেকৈ যে এইটো এটা ৱেবচাইট। ৱেবচাইট ত WWW. ৰ পৰা আৰম্ভ হয়। উদাহণস্বৰূপে লোৱা যাওক https://www.google.com কিন্তু কিছুমান ৱেবচাইটত www নাথাকে, তাৰ ঠাইত থাকে https, এই দুয়োটাই ৱেবচাইটত থাকে, https ৰ কাম হয় ৱেবচাইটৰ ভিতৰত সুৰক্ষা দিয়া, যাতে আন কোনোৱে একো ক্ষতি কৰিব নোৱাৰে। আৰু ৱেবচাইটৰ এটা নাম থাকিব উদাহৰণটোত যিদৰে google আৰু নামৰ পিছত.com হব পাৰে, .in, .net, .org, .me ইত্যাদি এনে অপৰেঞ্চি নাম বহুত আছে। এতিয়া নিশ্চয় আপুনি ৱেবচাইট চিনিব পাৰিব। আপুনিও যদি ইন্টাৰনেটত ৱেবচাইট বনাব খোজে তেনেহলে ইন্টাৰনেটত অনেক এনে আৰ্টিকল আছে যি পঢ়ি আপুনি ৱেবচাইট বনাব পাৰিব, যদি মই লিখিব লাগে ৱেবচাইট কেনেকৈ বনাব লাগে Comment কৰিব। আশা কৰিছোঁ আপুনি ৱেবচাইট কি হয় জানিলে।