মোবাইল ফোনৰ আৱিষ্কাৰ! মোবাইল ব্যৱহাৰৰ উপকাৰ আৰু অপকাৰিতা

1
90

মবাইল বা ম’বাইল ফোন হ’ল দূৰসংযোগৰ বাবে ব্যৱহৃত এক সঁজুলি। পৰম্পৰাগত তাঁৰযুক্ত টেলিফোনৰ বিপৰীতে মবাইল ফোন তাঁৰবিহীন আৰু ইয়াৰ আকাৰ সৰু হোৱাৰ বাবে এঠাইৰ পৰা সিঠাইলৈ ইয়াক কঢ়িয়াই লৈ ফুৰিবলৈ অতি সহজ। ম’বাইল ফোনৰ অসমীয়া প্ৰতিশব্দ হ’ল ভ্ৰাম্যভাষ যন্ত্ৰ। আজিৰ পৃথিৱীত বিজ্ঞান আৰু প্ৰযুক্তিয়ে ইমানেই অগ্ৰগতি লাভ একোটা ন ন আৱিষ্কাৰ হৈয়ে আছে। ল’ৰা –বুঢ়া, পুৰুষ-মহিলা সকলোৰে ব্যৱহাৰ কৰিব পৰা অতি চিনাকি সামগ্ৰীবিধেই হ’ল ম’বাইল ফোন।এইবিধ সামগ্ৰী এতিয়া সকলোৰে হাতে হাতে।

মোবাইল ফোনৰ আৱিষ্কাৰ

১৯৭৩ চনতে মট’ৰ’লা কোম্পানীয়ে প্ৰথমে ম’বাইল ফোন উদ্ভাৱন কৰিছিল যদিও সেই ফোন প্ৰচাৰ, প্ৰসাৰ তথা সহজলভ্য নাছিল। প্ৰথম ম’বাইল ফোনটোৰ ওজন আছিল দুই কিলোগ্ৰাম। তাৰ পিছত বিজ্ঞান আৰু প্ৰযুক্তিৰ দ্ৰুত উন্নতিয়ে ম’বাইল ফোনক কম ওজন,কম দাম তথা সহজলভ্য কৰি গোটেই পৃথিৱীকে জিনি পেলালে। ফলস্বৰুপে বৰ্তমান একেবাৰে কম বয়সীয়া ল’ৰা-ছোৱালীৰপৰা বৃদ্ধ-বৃদ্ধালৈকে সকলোৱে ম’বাইল ফোন ব্যৱহাৰ কৰাত অভ্যস্ত হ’ল। একপ্ৰকাৰে ক’ব পাৰি ইয়াৰ উদ্ভাৱন তথা সহজ লভ্যতাই ইমান ডাঙৰ পৃথিৱীখনক একেবাৰে সৰু কৰি পেলালে। কেই ছেকেণ্ডমানৰ ভিতৰতে পৃথিৱীৰ ইটো মুৰৰ খবৰ সিটো মুৰে লাভ কৰিবলৈ সক্ষম হৈছোঁ। আত্মীয় ,বন্ধু –বান্ধুৱীৰ সুখ-দুখৰ খবৰ পলকতে ল’ব পৰা হৈছোঁ।

মোবাইল ব্যৱহাৰৰ

ৰাতি পুৱা উঠাৰে পৰা ৰাতি শুৱালৈকে প্ৰতিটো মুহুৰ্ততে আমাক সংগ দিয়া বস্তুটো হ’ল স্মাৰ্ট ফোন৷ আমাৰ খেলৰ লগৰী, পঢ়াৰ লগৰী, চিনেমাৰ লগৰী, আদ্দাৰ লগৰী, কামৰ লগৰী৷ প্ৰতি মুহূৰ্ত ই আমাক সহায় কৰিবৰ বাবে তৎপৰ হৈ থাকে৷

কিন্তু,ম’বাইল ফোনৰ সু- প্ৰভাৱবোৰৰ লগতে এনে বহু কু- প্ৰভাৱ আছে –যিবিলাক আমাৰ স্বাভাৱিক জীৱন যাত্ৰাত যথেষ্ট ক্ষতিসাধন কৰিছে। মোবাইল ফোন আধুনিক জন-জীৱনৰ অপৰিহাৰ্য অংশ ,য়াৰ অবিহনে আমাৰ জীৱন অচল বুলিয়ে ক’ব পাৰি।প্ৰত্যেক বস্তৰে ভাল-বেয়া দুয়োটা দিশেই আছে। গতিকে ম’বাইল ফোনৰ সৎ ব্যৱহাৰ কৰিব পাৰিলে ইয়াৰ পৰা আমাৰ স্বাভাৱিক জীৱন যাত্ৰাত কোনো ক্ষতি নহ’ব।

এইটো সকলোৱে একমুখে কব যে মোবাইলৰ বাবে আমাৰ জীৱনত বহু সুবিধা হৈছে, মোবাইলৰ উপকাৰিতা আৰু অপকাৰিতা দুয়োটা আছে ৷ তথাপি আজিৰ যুগত ইয়াৰ উপকাৰিতা বেচি, সৎৱবহাৰ কৰাতো দৰকাৰী ৷ আগতে বন্ধু বান্ধৱীৰ লগত যিটো আত্মীয়তা আছিল আজিকালি যেন মোবাইলৰ জৰিয়তে সেই আত্মীয়তাত কৃত্ৰিমতা আহি পৰিছে, এটা বস্তুৰ অপকাৰ বা উপকাৰ নিৰ্ভৰ কৰে বস্তু টোৰ ব্যৱহাৰৰ ওপৰত৷ আমি কি দৰে ইয়াক ব্যৱহাৰ কৰিছো৷

পৃথিৱীত মবাইল যেন সকলোৰে বাবে এক এৰাব নোৱাৰা মাধ্যম হৈ পৰিছে। মই ভাবো ইয়াৰ উপকাৰিতা বেছি।কিন্তু সঠিক ধৰণে ব্যৱহাৰ কৰিব নোৱাৰাৰ ফলতেই অপকাৰ হোৱা দেখা যায়। কাৰণ প্ৰতিটো বস্তুৰে ভাল বেয়া দুটা দিশ আছে। আমি কোনে কাক দেখিছো বা জানিছো। কিন্তু আমাৰ মাজত এই মবাইলে জানো বন্ধুত্ব আনি দিয়া নাই। ইজনে সিজনক সুখ দুখত এষাৰ মাত দিব পাৰিছো। ইয়াতেইতো মনৰ আনন্দ পোৱা গৈছে। দুদিনীয়া পৃথিৱীত কাৰোবাৰ পৰা পোৱা সহায় সহযোগিতা মৰম প্ৰেৰণা আদিয়েই জীৱনৰ কঠিন সময়বোৰত আগুৱাই নিবলৈ সহায় কৰে।
 সৰু লৰা ছোৱালী থকা ঘৰত ফুৰিব গলে চাবচোন বহাৰ অলপ পিছতেই তেওঁলোকক মবাইলতো চাব দিব লাগে। কাৰণ সিহঁতেও জানে যে সেই সৰু হাতৰ টিপত লৈ থকা ফোনটোত বিচাৰিলে পৃথিৱীৰ বহুত বস্তু পাই। শিশুৰ কৌতুহলী স্বভাৱটো বেছি কাৰণে তেওঁলোকে সোনকালে শিকি লব পাৰে। প্ৰথমেই তেওঁলোকে পেট্ৰানতো চাই মনত ৰাখি থয়। তেতিয়াহে খুলিব পাৰিব।
মোবাইলৰ প্ৰয়োজন অপৰিসীম ৷ আজি মোৱাইলটো নহলে, পৃথিৱীখনৰ লগত সংযোগে নথকা দৰে লাগে ৷ মূহুত্বতে ভাৰতত ইমূৰ সিমূৰৰ লগত কথা পাতি আপদেট লৈছো ৷ বন্ধুৰ খবৰ লৈছো ৷ মা-দেউতাৰ লগত কথা পাতিছো, যেতিয়া যেনেকৈ মন গৈছে ৷ ঘৰৰ মানুহবোৰেও নিচিন্ত হৈ আছে ৷ আজিকালিতো মোবাইলত লগ পাই আৰু কথা পাতি বিয়াও হোৱা দেখা গৈছে ৷ E-Health তো মোবাইল আৰু ফোনৰ ব্যৱহাৰ দেখা যায় ৷ অপকাৰিতাও বহুত আছে, লৰা-ছোৱালীবিলাকে TV চাই মোৱাইলৰ জৰিয়তে যিমান ভাল হৈছে, বেয়াও হৈছে ৷ বহুতো নেদেখাতো আৰু নজনাটোৰ জনাৰ লগতে, কিছুমান নতুন অভিজ্ঞতা বুলি কব নোৱাৰাকৈ, ভয়াবহ বিপদত সোমই পৰিছে ৷ সকলোৰে ভাল- বেয়া আছে, নিৰ্ভয় কৰে, কেনেকৈ তাক কামত লগাইছে নে মোৱাইলটোৱে কামত লগাইছে ৷
মোবাইলৰ সদ ব্যৱহাৰে আমাৰ সমাজক সজ পথে নিয়াৰ লগতে আমাকো নিব। কিন্তু কম বয়সীয়া সকলক ইয়াৰ উপকাৰ আৰু অপকাৰৰ বিষয়ে ভালকৈ ঘৰত জ্ঞান দিব লাগে । কোনোবা এজনী ছোৱালীৰ জীৱন অকালতে মৰহি গৈছে বা এটা ল’ৰাৰ ক্ষেত্রত ও হৈছে মোবাইলৰ পৰা । কিছুমান অপৰাধ কৰিবলৈ সুবিধা হ’ল এই মোবাইলৰ কাৰণে। কিন্তু তাতোকৈ দাঙৰ কথা আমাক বহুত সহায় কৰিছে এই মোবাইলে দৈনন্দিন জীৱনত।

মোবাইল ব্যৱহাৰৰ উপকাৰ

মোবাইল কেৱল বন্ধু বান্ধবীৰ ক্ষেত্ৰতে নহয় আমাৰ আত্মীয় সম্বন্ধবোৰৰ মাজতো হেপাঁহৰ টান নাইকীয়া কৰিছে৷ কেৱল যে বেয়া দিশ আছে তেনে নহয়৷ই পৃথিৱী খন ওচৰ চপাই দিছে ৷ আগতে দূৰত থকা কোনোবাৰ খবৰ পাওতে পাওতে মাহেকত পাৰ হৈ যায়৷ এতিয়া যেনিবা লগালগ খবৰ খাতি সোনকালে পায়৷ এইটো ইয়াৰ উপকাৰিতা৷

উপকাৰ বুলি কবলৈ গ’লে অতি কম সময়ৰ ভিতৰত আমি বহুত কাম মবাইলৰ জৰিয়তে কৰিব পাৰো। আজিকালি ফোন কৰি দিলেই বহুত বস্তু ঘৰতেই দি যাব পাৰে। আগতে কাৰোবাৰ কিবা সমস্যা হ’লে খবৰ পাওঁতে যথেষ্ট সময় লাগিছিল। কিন্তু এতিয়া লগে লগে পোৱাৰ ফলত সমাধান কৰাৰ সময় পোৱা যায়।মবাইলৰ জৰিয়তে বহুত মানুহৰ লগত সংযোগ স্হাপন হ’ল।

আমি আজি প্ৰত্যক্ষ আৰু পৰোক্ষ ভাবে মোবাইলৰ ওপৰতেই নিৰ্ভৰশীল ৷ ইমান দুৰত থকা সৈনিক এজনে তেওৰ নববিবাহিতা পত্নীক যেতিয়া ফোন কৰি কয় “জানু ” তেওক সোধক মোবাইলৰ ভাল দিশ কিমান ৷

 

মোবাইল ব্যৱহাৰৰ অপকাৰিতা

ইয়াৰ অপকাৰিতা বুলি কলে বিশেষকৈ মই সৰু লৰা ছোৱালীৰ কথা কব পাৰো। কাৰণ আজিৰ শিশুবোৰে মুকলিকৈ খেলিব নজনা হ’ল। মবাইলৰ পৃথিৱীত এনেকৈ সোমাই গৈছে যে কেতিয়াবা মোৰ দেখি কিবা লাগি যায়। যিটো সময়ত আমি বাচন ,পুতলা খেলাৰ লগতে স্কুলৰ পৰা অহাৰ পিছত আকৌ ফিল্ডত গৈ বিভিন্ন খেল খেলিছিলো। এতিয়াৰ লৰা ছোৱালীয়ে কিন্তু সেই সময়ত মবাইলত গেম খেলাত ব্যস্ত হৈ থাকে।

মবাইলৰ ফলত ঘৰত গৃহকন্দলবোৰ বেছিকৈ হৈছে। মানুহৰ টোপনি কমি গৈছে। এলেহুৱা হৈ গৈছে। কিতাপ পঢ়াৰ সময় কমি গৈছে।

যিহেতু ম’বাইল ফোনটোতে গোটেই পৃথিৱীখন পোৱা যায়,অথচ পৃথিৱীখনৰ ভাল দিশটো চাবলৈ আমি যিমান উদগ্ৰীৱ হৈ থাকো,তাতোকৈ বেছি বেয়া দিশটো চাবলৈ উদগ্ৰীৱ হওঁ। সেয়েহে চাগৈ সমাজৰ বহু লোকৰ মানসিকতা অৱনমিত হৈছে,বহু লোকৰ মানসিকতা অৱনমিত হৈছে,বহু অসামাজিক ঘটনাই সমাজখনক চুই গৈছে।আকৌ ম’বাইল ফোনটো কাণত লৈ বাৰ্তালাপত ব্যস্ত থকাৰ পৰিণতিত বহু দুৰ্ঘটনাও সংঘটিত হৈছে। বহুতেই জীৱন পৰ্যন্ত হেৰুৱাবলগীয়া হৈছে।

ম’বাইল ফোন কাণত লৈ অত্যধিক কথোপকথনত লিপ্ত হ’লে মানুহে শ্ৰৱণশক্তি হেৰুৱাব পাৰে,মগজুত কু-প্ৰ্ভাৱ পৰিব পাৰে।তদুপৰি ম’বাইল ফোনৰ মাত্ৰাধিক ব্যৱহাৰে নাৰী আৰু শিশুৰ আচৰণত পৰিৰ্ৱতন আনিব পাৰে।গৰ্ভস্থ সন্তানৰ বিকাশত বাধা আহিব পাৰে,যৌন জীৱনত কু-প্ৰভাৱ পৰে।

আনহাতে ম’বাইল ফোনেই আমাৰ মনোযোগহীনতা,স্মৃতিশক্তি হ্ৰাস,উদ্বিগ্নতা আদিৰ কাৰণ হ’ব পাৰে।ম’বাইল ফোনৰ পৰা নিৰ্গত বিকীৰণে ডি এন এ-ত প্ৰভাৱ পেলোৱাৰ লগতে আমাৰ স্বাস্থ্যৰ আন বহুতো ক্ষতিসাধন কৰে। ইয়াৰ মাত্ৰাধিক ব্যৱহাৰৰ ফলত আমাৰ মাজৰ আন্তৰিকতাখিনিও হ্ৰাস পাইছে।

আজিৰ শিক্ষা

মোবাইল ফোনৰ আৱিষ্কাৰ আৰু লগতে ইয়াৰ উপকাৰ আৰু অপকাৰিতা বিষয়ে যিবোৰ কথা জনালোঁ এইবোৰ কথা সকলোৱে জানে। কিন্তু এই বিষয়টো সম্পৰ্কে মানুহক সজাগ কৰাৰ এটা এ লক্ষ্য মোবাইলৰ জৰিয়তে কাৰো ক্ষতি নহওঁক বৰঞ্চ উপকাৰ সাধন কাৰণ, সকলো বস্তুৰে ভাল- বেয়া দিশ দুয়োটা থাকে কিন্তু যেতিয়া বস্তুটো সম্পৰ্কে ভাল বেয়া দিশ বোৰ সম্পৰ্কে যদি সকলোৱে সম্পূৰ্ণ অৱগত হয় তেন্তে নিশ্চয় ইয়াৰ উপকাৰ বেছি সাধন হব। যিসকলে এই পোষ্টটো পঢ়ে তেওঁলোকে যেন শ্বেয়াৰ কৰি দিয়ে, সমূহ অসমীয়া পাঠকসকলক মোৰ এই ব্লগ লৈ স্বাগতম জনাইছোঁ।

Leave your vote

2 points
Upvote Downvote

Total votes: 6

Upvotes: 4

Upvotes percentage: 66.666667%

Downvotes: 2

Downvotes percentage: 33.333333%

1 COMMENT

LEAVE A REPLY

Please enter your comment!
Please enter your name here