Home ইন্টাৰনেট ব্লগ (Blog) কেনেকৈ সম্পূৰ্ণ বিনামূলীয়াকৈ বনাব পাৰি? – How to make Free...

ব্লগ (Blog) কেনেকৈ সম্পূৰ্ণ বিনামূলীয়াকৈ বনাব পাৰি? – How to make Free blog in Assamese

0
91

ব্লগ (Blog) বিষয়ে আপুনি হয়টো বিভিন্ন মাধ্যমৰ জৰিয়তে পঢ়িচে বা শুনি আছে । কিন্তু বহু লোকৰ ইণ্টাৰনেট ব্যৱহাৰ কেৱল সামাজিক মাধ্যম Facebook, instagram, twitter, Tiktok, YouTube, Google search আদিতহে সীমাবদ্ধ থাকে। বহু লোকে লিখা মেলা কৰিব বিচাৰে কিন্তু সেয়া সামাজিক মাধ্যমতে আদিত বেছি ব্যৱহাৰ কৰে। এই লিখনিটো সেইসকল লোকৰ বাবে লিখিছোঁ যিসকলে ৱেবচাইট(Website) বা ব্লগ(Blog) ৰ  বিষয়ে জানিবলৈ আগ্ৰহী আৰু ইয়াৰ বিষয়ে বেছি জ্ঞান নাই আৰু কোনোধৰণৰ সহায় সহযোগ পোৱা নাই।

ব্লগ (Blog) কেনেকৈ বনাব পাৰিব – How to make blog in Assamese

আপুনি যদি সুন্দৰ লিখা মেলা কৰে তেন্তে আজিয়ে এই পোষ্টটো পঢ়ি নিজৰ অতিকমেও এটা ব্লগ (Blog) আৰম্ভ কৰক। আপুনি যদি এই বিষয়ত আগ্ৰহী ব্লগ (Blog) কেনেকৈ বনাব পাৰিব আৰু নিজাকৈ এটা ব্লগ (Blog) বা ৱেবচাইট (Website) সম্পূৰ্ণ বিনামূল্যে বা অলপ কম খৰছত বনাব বিচাৰে মনোযোগেৰে পঢ়িব। ব্লগিংৰ এটা ভাল দিশ হল আপুনি যিকোনো ঠাইত থাকি এই কাম কৰিব পাৰিব আৰু ভৱিষ্যতে এটা ভাল অৰ্থ উপাৰ্জন কৰিব পাৰিব। উপাৰ্জনৰ ক্ষেত্ৰত কোনো ধৰণৰ সীমা নাই। এই ব্লগটো একেবাৰে আৰম্ভণিৰ পৰা শেষলৈ সকলো খিনি সামৰি লোৱা হৈছে আৰু বিস্তৃত ভাৱে সহজ ভাষাত লিখিবলৈ চেষ্টা কৰিছোঁ।

ব্লগ কি (What is Blog)?

ব্লগ হৈছে ৱৰ্ল্ড ৱাইড ৱেব (WWW – World Wide Web)ত প্ৰকাশিত এবিধ তথ্যপূৰ্ণ বা আলোচনামূলক ৱেবচাইট (WEBSITE)। ব্লগবোৰত লিখা কথাবোৰ মূলতঃ দিনলিপিৰ নিচিনাকৈ খণ্ড খণ্ডকৈ প্ৰৱিষ্টিত (এইবোৰক পষ্ট (Post) বুলি কোৱা হয়) ভৰোৱা হয়। সাধাৰণতে ব্লগত সন্নিৱিষ্ট পষ্টবোৰ ওলোটা ক্ৰমত সজোৱা হয় যাতে শেহতীয়াকৈ প্ৰকাশিত পষ্টবোৰ ৱেবপৃষ্ঠাটোৰ একেবাৰে শীৰ্ষত স্থান পায়। ২০০৯ চন মানলৈ ব্লগবোৰ ঘাইকৈ একো একোজন ব্যক্তিৰ নিজস্ব প্ৰচেষ্টাত প্ৰকাশ পাইছিল, তাৰ মাজতে দুই এটা ব্লগ সমূহীয়াকৈও প্ৰকাশ পাইছিল। একেদৰে বিষয়বস্তুৰ ক্ষেত্ৰতো তেতিয়া ব্লগবোৰত এটা নিৰ্দিষ্ট বিষয়ক কেন্দ্ৰ কৰি লেখা প্ৰকাশ পাইছিল।

২০১০ চনৰ পিছৰপৰা “একাধিক লেখকৰ সন্মিলিত ব্লগ” (ইংৰাজীত যাক কোৱা হয় Multi-Author Blogs বা চমুকৈ MABs) প্ৰকাশৰ জোৱাৰ উঠে বুলিব পাৰি। এনেবোৰ ক্ষেত্ৰত একেটা Blog তে বহু লোকৰ লেখা বা পষ্ট প্ৰকাশ পায়। এনে সন্মিলিত ব্লগ কিছুমান সম্পাদনা কৰিবলৈ আজিকালি বৃত্তিগত লোকো নিয়োগ কৰা হয়। সম্প্ৰতি বিভিন্ন সংবাদ মাধ্যম, বিশ্ববিদ্যালয়, ছাত্ৰসমাজ, উকীল সংস্থা বা অন্যান্য বিভিন্ন প্ৰতিষ্ঠানৰ দ্বাৰা ওলোৱা সমূহীয়া ব্লগৰ লেখ-জোখ নাই।সাধাৰণতে একোটা ব্লগত লেখা, ডিজিটেল চিত্ৰ, আন ব্লগলৈ যাব পৰা লিংক, ৱেবপৃষ্ঠা আৰু বিষয়টোৰ লগত জড়িত আন মাধ্যমসমূহ থাকে। অধিকাংশ ব্লগেই মূলতঃ লেখাকেন্দ্ৰীক যদিও কলা, চিত্ৰ, ভিডিঅ’ (ইয়াক ভ্লগ বুলি জনা যায়), অডিঅ’ আদিৰ ওপৰত ভিত্তি কৰি গঢ়ি উঠা ব্লগো আছে।

ব্লগ  বনাবলৈ বিষয় নিৰ্বাচন (Choose A Niche for make a Blog)

প্ৰথম আপুনি নিজে জানিব লাগিব আপুনি কি বিষয়ে ভালকৈ লিখিব পাৰিব বা কেনেকুৱা ধৰণৰ বিষয় ওপৰত আপুনি লিখি ভাল পাই বা আপোনাৰ কোনটো বিষয়ত দক্ষতা আছে।

মনত ৰাখিব, সেই বিষয়ত মাত্ৰ এটা পোষ্ট লিখিলেই নহব ভৱিষ্যতে অধিক পোষ্ট লিখাৰ সামৰ্থ্য থাকিব লাগিব আৰু আপোনাৰ সেই বিষয়ত আগ্ৰহ থাকিব লাগিব তেতিয়াহে আপুনি আপোনাৰ ব্লগ টো আগুৱাই নিবলৈ সক্ষম হব।

আপুনি বিভিন্ন বিষয় যেনে সাহিত্য, ব্যৱসায়, technology (tech blogs), চাকৰি, শিক্ষা, ৰাজনীতি, অৰ্থনীতি, ভ্ৰমণ, বাতৰি, photography blog,science blogs,makeup and beauty blog আদি যিকোনো এটা বিষয় বাছি লব পাৰে।

ব্লগ (Blog) কেনেকৈ সম্পূৰ্ণ বিনামূলীয়াকৈ বনাব পাৰি? – How to make Free blog in Assamese

বিনামূলীয়া এই প্লেটফৰ্মত আপুনি  সকলো খিনি যেনে Domain name আৰু web hosting সম্পূৰ্ণ বিনামূলীয়া (free hosting and domain) কৈ লাভ কৰিব।

এই ক্ষেত্ৰত তেওঁলোকৰ কিছু নীতি নিয়ম মানি চলিব লাগিব। যদি আপুনি তেওঁলোকৰ নীতি নিয়ম মানি নচলে তেন্তে তেওঁলোকে আপোনাৰ ব্লগ যিকোনো সময়ত বন্ধ কৰি দিব পাৰে।

এনে free Blog বনোৱাৰ সুবিধা দিয়া বহুত প্লেটফৰ্ম আছে যদিও Google company ৰ blogger.com আৰু WordPress company ৰ wordpress.org এই দুটা প্লেটফৰ্ম আটাইতকৈ বেছি popular আৰু মানুহে অধিক ব্যৱহাৰ কৰে। আপুনি যদি বিনামূলীয়াকৈ আৰম্ভ কৰিব বিচাৰে তেন্তে এই দুটা প্লেটফৰ্ম ব্যৱহাৰ কৰিবলৈ মই recommend কৰোঁ।

দমেইন (Domain) কি?

দমেইন (Domain) কি বুলি কলে একেবাৰে চমুকৈ কবলে হলে  আপোনাৰ যিদৰে নাম আছে সেইদৰে ৱেবচাইট টোৰ নাম নিৰ্বাচন কৰা। যেনে Google.com, যিদৰে আমাৰ ৱেবচাইট টোৰ নাম Kothabotora.com  আদি। আপুনি .com, .in, .org আদি বিভিন্ন TLD ব্যৱহাৰ কৰিব বা কিনিব পাৰিব।

যদি আপুনি blogger.com বা wordpress.com ( wordpress blog) আদি বিনামূলীয়া প্লেটফৰ্ম (start a blog for free) ব্যৱহাৰ কৰে তেন্তে আপুনি Domain name সম্পূৰ্ণ বিনামূলীয়া কৈ লাভ কৰিব কিন্তু আপোনাৰ নামৰ পাছফালে blogger.com ত  blogspot.com আৰু WordPress.com ত  wordpress.com (wordpress blog) থাকিব। যেনে Kothabotora.blogspot.com বা celebspublic.wordpress.com আদি। অৱশ্যে আপুনি নিজে domain name registration  বেলেগকৈ ক্ৰয় কৰি ও ব্যৱহাৰ কৰিব পাৰে। আপুনি Domain name google.comGoDaddy.combigrock.com আদিৰ পৰা ক্ৰয় (domain name registration) কৰিব পাৰে। ইয়াৰ দাম Domain name অনুসৰি বেলেগ বেলেগ হয় আৰু ইয়াৰ দাম প্ৰায় ₹৫০০ আৰম্ভ হয়। বিভিন্ন সময়ত offer দি থাকে তেনে সময়ত অতি কম মূল্যত আপুনি ক্ৰয় কৰিব পাৰে।

ৱেব হস্তিং কি?(What is Web Hosting)

ৱেব হস্তিং(Web Hosting) বুলি কলে চমুকৈ কব পাৰি আপোনাৰ পোষ্ট বোৰৰ, পোষ্টত ব্যৱহাৰ কৰা ছবি (images) বা অন্য যিকোনো data  অনলাইন জমা (Storage) কৰিব ৰখা ঠাই। আপুনি যিমান বোৰ পোষ্ট লিখিব সেইবোৰ এটা ঠাইত সকলো সময়ত উপলব্ধ হোৱাকৈ অনলাইন হৈ থাকিব লাগিব তেতিয়াহে আনে পঢ়িব পাৰিব। আপুনি সেই data বোৰ যত থব সেয়াই হৈছে ৱেব হস্তিং(Web Hosting).

ৱেব হস্তিং(Web Hosting) Provider   আপোনাৰ লিখা Article বোৰ আনে পঢ়িব পৰাকৈ সকলো সময়ত online কৰি থয় আৰু আপোনাক সহায় কৰে। এই কামৰ বাবে তেওঁলোকে আপোনাৰ পৰা মাহেকীয়া হিচাপত তেওঁলোকৰ বিভিন্ন plan অনুসৰি এটা মূল্য আদায় কৰে।

BLOGGER -ত বিনামূলীয়াকৈ ব্লগ কেনেকৈ বনাব – (How to Make a Free Blog on Blogger.com)

  • Google ত blogger চাৰ্চ কৰিলে আপুনি প্ৰথমে দেখিব blogger.com, এই ৱেবচাইট টোত গৈ Sign up কৰিব লাগিব আৰু sign up gmail একাউণ্ট ৰে হব কৰিব ই google ৰ বস্তু।
  • ইয়াৰ পিছত আপুনি Create Blog ত গৈ gmail ৰে sign up হব লাগিব। তাৰ পিছত Create New Blog ত গৈ আপুনি নিজৰ ব্লগ টোৰ নাম লিখিব লাগিব।
  • মানুহে বেলেগ বস্তুৰ কাৰণে বেলেগ ব্লগ বনাই আৰু তাক rank কৰাই google ত। তাৰ পিছত Google Adsense ৰ অনুমতি লৈ Ads দেখাই টকা উপাৰ্জন কৰে যদিহে সেই ব্লগ টোত মানুহৰ ভিৰ থাকে। এই ধৰণে আপোনাৰ ব্লগিং যাত্ৰা আৰম্ভ হব
  • যদি আপুনি কবিতা লিখে কবিতা দিব পৰিব, যদি সংগীত লিখে দিব পাৰে, যদি Wallpaper বনাই সেয়া দিব পাৰে। আপুনি যি বিচাৰে সেই বিষয়ৰে ব্লগ বনাব পাৰিব। যদি আপুনি এই বিষয়ে অধিক জানিব বিচাৰে তেন্তে youtube ত বহু video আছে, চাব পাৰিব।

ব্লগ ডিজাইন কেনেকৈ কৰিব?

  • আপুনি ইচ্ছা অনুযায়ী blogger ত আগতীয়াকৈ থকা যিকোনো theme লব পাৰিব তাক customize কৰিবৰ কাৰণে Layout ত যাব লাগিব,
  • ই প্ৰত্যেক theme তে বেলেগ বেলেগ হব আৰু যি হিচাপত edit কৰিব সেই হিচাপত আপোনাৰ ব্লগ বা ৱেবচাইট হৈ গৈ থাকিব, এইবোৰ কৰিব যথেষ্ট ধৈৰ্য্যৰ প্ৰয়োজন। যদি আপোনাৰ হাতত সময় আছে এইবোৰ কাম কৰি আমনি নাপায়, শিকা ৰ ইচ্ছা আছে,ভাল পায়, উপাৰ্জন কৰিব পাৰিব। অধিক জানিবলৈ Google কৰিব।
  • Layout ত গৈ আপুনি যি সলনি কৰিব সেইবোৰ save কৰিলে theme ও সলনি হৈ গৈ থাকিব। এইবোৰৰ বিষয়ে Google ত বহু video পাব যে blogger ত Theme কিদৰে Customize কৰা যায়, কিদৰে Edit কৰা হয়। সেইদৰে আৰু বহুত গুৰুত্বপূৰ্ণ অংগ আছে এটা ব্লগ বা ৱেবচাইট ৰ উদাহণস্বৰূপে Theme, Layout জনালোঁ Page ত বেলেগ page বনাব পাৰো যিদৰে About Us ৰ, Privacy Pollicy আদিৰ কিন্তু Page আৰু Post দুয়োটা বেলেগ বেলেগ, Post হব সেইবোৰ যিবোৰে ৱেবচাইট টোত থাকিব।

Also Read: How to earn money online – make money on your mobile at home

ব্লগৰ পৰা  উপাৰ্জন কেনেকৈ কৰে?

Youtube ত যিদৰে video ৰ ভিতৰত Adsense লগাই, Google Adsense ৰ এটা Programe যিয়ে Ads দেখায়; এনেকুৱা ব্লগ বা ৱেবচাইটটো কৰিব পাৰি। সেইকাৰণে Website ৰেও উপাৰ্জন কৰিব পাৰি আৰু Youtube ৰ পৰাও উপাৰ্জন কৰিব পাৰি। Youtube ত video ৰ ভিতৰত Ads আহিব আৰু ব্লগত আপুনি বেলেগ বেলেগ ঠাইত লগাব পাৰিব।

এইবোৰ মই মাথো প্ৰাথমিক কথা জনালোঁ blogger ত কিদৰে ফ্রীতে ব্লগ বনাই টকা উপাৰ্জন কৰিব পাৰি। ইয়াৰ পিছত আপুনি ফ্ৰিতে ব্লগ এটা বনাই google কৰক, ইয়াৰ নাম কিদৰে সলনি হব ইয়াৰ ডিজাইন কেনেকৈ সলনি হব, logo কিদৰে হব, page কিদৰে বনাম, Category কিদৰে বনাম। বহু Youtuber আছে যিসকলৰ বহু video আছে কিদৰে এই ব্লগ বনোৱা যায়, কিদৰে ইয়াক উন্নত কৰা যায় ডিজাইন কৰা হয় এইবোৰ ভালদৰে বুজাইছে। ভাল কথা এই য়ে যে সকলোবোৰ ফ্ৰী।

ইয়াৰ এটা বেয়া দিশ হল এই সকলোবোৰ Hosted আছে এওঁলোকৰ Server, blogger ত। যদি আপুনি কিবা বিয়া কাম কৰে ৰাতিৰ ভিতৰতে আপোনাৰ সকলো কডিং , data নোহোৱা হৈ যাব। প্ৰথম অৱস্থাৰ কাৰণে Blogger ত ব্লগ বনাম পাৰে। ইয়াৰ পিছত নিজৰ আপুনি WordPress ইনষ্টল কৰিব পাৰে, হস্তিঙ লব পাৰিব কাৰণ সকলোবোৰ data যেন আপোনাৰ লগত সুৰক্ষিত হৈ থাকে। এই বিষয়ে এটা বেলেগকৈ পোষ্ট বনাম যদি কোনোবাই বিচাৰে।

Leave your vote

0 points
Upvote Downvote

Total votes: 2

Upvotes: 1

Upvotes percentage: 50.000000%

Downvotes: 1

Downvotes percentage: 50.000000%

NO COMMENTS

LEAVE A REPLY

Please enter your comment!
Please enter your name here

Hey there!

Forgot password?

Forgot your password?

Enter your account data and we will send you a link to reset your password.

Your password reset link appears to be invalid or expired.

Close
of

Processing files…