Home তথ্য অসমত চাকৰি কত বিচাৰিব, কেনেকৈ আবেদন কৰিব!

অসমত চাকৰি কত বিচাৰিব, কেনেকৈ আবেদন কৰিব!

0
170

এই বিষয়ত মই জনাম অসমৰ চৰকাৰী য়ে হওক বা বেচৰকাৰী চাকৰি য়ে হওক কত বিচাৰিব, কেনেকৈ বিচাৰিব আৰু আবেদনৰ ক্ষেত্ৰত কি কি কথাৰ প্ৰতি মনোযোগ ৰাখি আবেদন কৰিব লাগিব, সেই সকলোবোৰ কথা জানিব। গতিকে আগলৈকে পঢ়িব যিয়ে আপোনাক/ আপোনালোকক চাকৰি বিচৰাত বা নিজে আবেদন কৰাত সুবিধা হব।

অসমত চাকৰি কত বিচাৰিব:

এতিয়া অসমৰ জীৱিকা, অসমৰ চৰকাৰী চাকৰি, অসমৰ চাকৰিৰ বহু সুযোগ সুবিধা পোৱা যায়। এই ক্ষেত্ৰত ইন্টাৰনেটত Assam Career বুলি Search কৰি দিলে অসমৰ চাকৰিৰ সন্ধান দিয়া বহু Website আপোনাৰ সন্মুখত আহি পৰিব। এইটো আপুনি বিচাৰ কৰি লব লাগিব কত চাব আপুনি চাকৰিৰ বিজ্ঞাপন।

বিভিন্ন কেন্দ্ৰ আৰু অসম চৰকাৰৰ অধীনত যিবোৰ চাকৰি বা পৰীক্ষা কৰি চাকৰি প্ৰদান বোৰ্ড আছে সকলৰে নিজা নিজা ৱেবচাইট আছে। সেই website টো গৈ তেওঁলোকৰ নিজা নিজা department ৰ চাকৰিৰ বিজ্ঞাপন চাব পাৰে।
যিকোনো website ত চাকৰিৰ বিজ্ঞাপন চোৱাৰ পিছত মন কৰিবলগীয়া কথা হল যে সেই বিজ্ঞাপনৰ সত্য মিথ্যা নিৰূপণ কৰা। যিখন বোৰ্ডে সেই চাকৰিৰ বিজ্ঞাপন প্ৰকাশ কৰিছে তাত যিবোৰ চৰ্ত, যোগ্যতা, শিক্ষাগত অৰ্হতা, আবেদনৰ অন্তিম তাৰিখ, কিদৰে আবেদন কৰিব লাগিব, এই সকলো দিশ লক্ষ্য ৰাখি আবেদন প্ৰক্ৰিয়া সম্পন্ন কৰিব লাগে।

যিকোনো চাকৰি বা কৰ্মসংস্থানত আবেদন কৰাৰ মন কৰিবলগীয়া দিশ বোৰ হল:

1. আবেদনৰ অন্তিম তাৰিখ লক্ষ্য তাৰ আগতে আবেদন প্ৰক্ৰিয়া সম্পন্ন কৰিব লাগে।

2. যি পোষ্টৰ কাৰণে আবেদন কৰিব তাৰ কাৰণে কি কি যোগ্যতা বিজ্ঞাপনত উল্লেখ কৰিছে সেইবোৰ যোগ্যতা বা অভিজ্ঞতা যদি আছে আপোনাৰ তেন্তে আবেদন প্ৰক্ৰিয়াৰ লগত সেইবোৰ সংযোগ কৰিব লাগে।

3. শিক্ষাগত অৰ্হতা আটাইতকৈ গুৰুত্বপূৰ্ণ দিশ আবেদনৰ বাবে। যিকোনো চাকৰি বা কর্মসংস্থানৰ ক্ষেত্ৰতে কিবা নহয় কিবা শিক্ষাগত অৰ্হতা বিচাৰিব। যদি আপোনাৰ সেই শিক্ষাগত অৰ্হতা নাই যি বিজ্ঞাপনত উল্লেখ কৰিছে তেন্তে আপুনি সেই আবেদন কৰি লাভ নাই। যদি উল্লেখ কৰা শিক্ষাগত অৰ্হতা আপোনাৰ আছে তেন্তে সেই শিক্ষাগত অৰ্হতা ৰ Document আবেদনৰ সৈতে submit কৰিব লাগিব।

4. আবেদন প্ৰক্ৰিয়া কিদৰে হব এই দিশটোও মন কৰিবলগীয়া। যদি আপুনি এই বিষয়ে নাজানে যে আবেদন কিদৰে কৰিব লাগিব তেন্তে আপুনি আবেদন কৰিবলৈ online কৰা দোকানত যাব লাগিব আৰু তাৰ বাবত আপোনাৰ 50-100 টকা লব online কৰাৰ নামত। যদি আপুনি সেইখিনি কথা জানে যে কেনেকৈ বা কিদৰে আবেদন কৰিব লাগিব তেন্তে আপোনাৰ 100 টকা ৰৈ যাব আৰু সেই টকা বেলেগ কামত ব্যৱহাৰ কৰিব পাৰিব।

5. কত কৰিব লাগিব আবেদন! বেছিভাগ বোৰ্ড বা কোম্পানীৰে নিজা নিজা website আছে। যি চাকৰিৰ কাৰণে আপুনি আবেদন কৰিব বিচাৰিছে, সেই বিশেষ চাকৰিটোৰ বিজ্ঞাপনটোত সেই বিশেষ website টোৰ লিংক বা নাম উল্লেখ থাকে। সেই website টোত গৈ আবেদন কৰিব লাগিব। কিন্তু কিছুমান চাকৰিৰ কাৰণে offline যোগেৰেও আবেদন প্ৰক্ৰিয়া সম্পন্ন কৰা হয় আৰু কিছুমান gmail ৰ যোগেদি আবেদন প্ৰক্ৰিয়া সম্পন্ন কৰা হয়। এই সকলোবোৰ দিশৰ প্ৰতি লক্ষ্য ৰাখি চাকৰি বা জীৱিকা বা কৰ্মসংষ্ঠান ৰ আবেদন কৰিব লাগে।

অসমৰ চাকৰি বা কর্মসংস্থান বিচৰাৰ ক্ষেত্ৰত আপুনি ইন্টাৰনেটত Assam Career Alert, Assam Career, Jobs in Assam, Assam Government Job Search কৰিব পাৰে আৰু বিশেষ কোনো নিৰ্দিষ্ট চাকৰি যেনে Assam Police, Defence Job, Assistant Professor, Bank Job আদি এইবিলাক শব্দ ব্যবহাৰ কৰিব পাৰে। যদি আপুনি কোনো কোম্পানীৰ চাকৰি বিচাৰিছে তেন্তে private job বা নিৰ্দিষ্ট কোম্পানীৰ নামেৰে search কৰিব পাৰে।

Leave your vote

4 points
Upvote Downvote

Total votes: 4

Upvotes: 4

Upvotes percentage: 100.000000%

Downvotes: 0

Downvotes percentage: 0.000000%

NO COMMENTS

LEAVE A REPLY

Please enter your comment!
Please enter your name here

Hey there!

Forgot password?

Forgot your password?

Enter your account data and we will send you a link to reset your password.

Your password reset link appears to be invalid or expired.

Close
of

Processing files…