Home প্ৰৱন্ধ অসমৰ সংস্কৃতিৰ বিষয়ে কিছু কথা

অসমৰ সংস্কৃতিৰ বিষয়ে কিছু কথা

1
555

অসমৰ সংস্কৃতি

সংস্কৃতি শব্দটো ইংৰাজী ‘culture’ শব্দৰ অৰ্থ হিচাপে অসমীয়া ভাষাত ব্যৱহাৰ হয়। খৃঃ ১৮৬৫ চনত এড্ৱাৰ্ড টাইলাৰে সৰ্বপ্ৰথমে ব্যৱহাৰ কৰা ‘culture‘ পদটোৰ মূল হ’ল লেটিন ভাষাৰ ‘কোল‘ ধাতুজাত ‘colere’ বা ‘cultūra’ অৰ্থাৎ কুলতুৰা। ‘colere’ বা ‘cultūra‘ শব্দৰ অৰ্থ কৰ্ষণ কৰা অথবা খেতি কৰা। স্বৰূপাৰ্থত সমগ্ৰ জীৱনচৰ্যাৰ মাধ্যমেৰে সংস্কৃতিৰ পূৰ্ণ বিকাশ ঘটে।জীৱনৰ বিভিন্ন কৃতিয়েই সংস্কৃতি (সম্-কৃ+ক্তি)। সংস্কৃতি ৰ অৰ্থ অতি ব্যাপক। এখন সমাজৰ লগত সংস্কৃতিৰ ঘনিষ্ঠ সম্পৰ্ক দেখা যায়। টাইলাৰে খৃঃ ১৮৭১ চনত ‘কালচাৰ’ ৰ ব্যাখ্যা এনেদৰে দিছিলঃ সমাজৰ অংগীভূত সদস্যৰূপে মানৱে আহৰণ কৰা জ্ঞান, বিশ্বাস, কলা, ৰীতি-নীতি , আচাৰ-ব্যৱহাৰ, উৎসৱ-অনুষ্ঠান, আইন-কানুন, নৈতিকতা, অভ্যাস আৰু অন্যান্য সামাজিক সামৰ্থ্যৰ সামগ্ৰীক যৌগিক ৰূপেই সংস্কৃতি। টাইলাৰৰ মতে  সংস্কৃতি সামাজিক উত্তৰাধিকাৰ বা ঐতিহ্য(social heritage)। সংস্কৃতি ব্যক্তিৰ প্ৰতি সমাজৰ দান।

         সমালোচক সকলে সংস্কৃতি সম্পৰ্কে বিভিন্ন সংজ্ঞা দাঙি ধৰিছে।তাৰে ভিতৰত সংস্কৃতিৰ সৰ্বজন গ্ৰাহ্য আধুনিক সূত্ৰ এগৰাকী নৃতত্ববিদে এনেদৰে দিছেঃ“culture is a set of rules or standards which,when acted upon by the members of a society,produce behaviour that falls within a range of variance the members consider proper and acceptable.”

   অৰ্থাৎ, সংস্কৃতি কিছুমান নিয়মৰ সংযুতি অথবা পৰিমাপক। এই সংযুতিবোৰে কোনো এখন সমাজৰ অংগীভূত ব্যক্তিসকলক প্ৰভাৱান্বিত কৰাৰ ফলস্বৰূপে সেই সমাজৰ অংগীভূত ব্যক্তি সকলৰ বাবে উপযুক্ত আৰু গ্ৰহণযোগ্য বিভিন্ন আচৰণৰ জন্ম হয়। এই আচৰণৰ সমষ্টিয়েই সংস্কৃতি। সংস্কৃতি মানৱ সমাজৰ পদ্ধতিৰ সৈতে জড়িত এটি সামগ্ৰিক ধাৰণা। সংস্কৃতিয়ে জ্ঞান,বিশ্বাস,কলা,আইন,আচাৰ আদিৰ যোগেদি মানৱৰ সামগ্ৰিক জীৱন চৰ্যাক সামৰি লয়।

সংস্কৃতিৰ ভাগ:- সংস্কৃতিৰ গুণ-লক্ষণ-বৈশিষ্ট্য আদিলৈ লক্ষ্য কৰি ইয়াক সাধাৰণতে তিনিটা ভাগত ভগাব পাৰিঃ(ক) অভিজাত সংস্কৃতি,(খ) লোক-সংস্কৃতি,(গ) জনজাতীয় সংস্কৃতি।

 

(ক) অভিজাত সংস্কৃতি:-

ভাৰতবৰ্ষৰ প্ৰসংগত ক’ব পাৰি যে,২৫০০ বছৰৰ পূৰ্বেই অভিজাত সংস্কৃতিৰ উদ্ভৱ হৈছে। অভিজাত সংস্কৃতিক গ্ৰেট ট্ৰেডিছন আখ্যা দিব পাৰি। লোক-সংস্কৃতিৰ তুলনাত অভিজাত বা শিষ্ট সংস্কৃতি অধীক ৰীতিবদ্ধ, সুনিৰ্দিষ্ট আৰু আত্মাসচেতন। অভিজাত বা শিষ্ট সংস্কৃতিক শাস্ত্ৰীয় বা বৈদিকী বা মাৰ্গী বা মাৰ্গীয় সংস্কৃতিও বুলিব পাৰি।

 

(খ) লোক-সংস্কৃতি:-

Folk-culture পদটোক বুজাবৰ বাবে অসমীয়া ভাষাত সাধাৰণতে লোক-সংস্কৃতি পদটো ব্যৱহাৰ কৰা দেখা যায়। আনহাতে Folk-lore  ক সূচাবৰ বাবে লোক-সংস্কৃতি পদটো ব্যৱহাৰ কৰা হয়।জনসাধাৰণৰ জীৱনধাৰা প্ৰকাশক আচাৰ-ব্যৱহাৰ,গীত-মাত, নৃত্যবাদ, সাধুকথা, আখ্যান, খোৱা-লোৱা, আ-অলংকাৰ, পূজা-পাতাল, খেতি-বাতি, লোক বিশ্বাস আদিৰ সামাজিক সমন্বয়ে হ’ল লোক-সংস্কৃতি বা  জন সংস্কৃতি।

 

(গ) জনজাতীয় সংস্কৃতি:

জনজাতীয় সংস্কৃতি স্বয়ং সম্পূৰ্ণ (‘self contained whole’)। কোনো জনজাতীয় সংস্কৃতি যদি লোক বা অভিজাত সংস্কৃতিৰ দ্বাৰা গভীৰভাৱে প্ৰভাবান্বিত হয়-তেন্তে তাক প্ৰকৃতাৰ্থত জনজাতীয় সংস্কৃতি বুলিব নোৱাৰি। জনজাতীয় সংস্কৃতি  কম-বেছি পৰিমাণে অক্ষত হৈ  থাকে।

  অসম দেশ বাৰে ৰহনীয়া সংস্কৃতি ৰ মিলনভূমি। অসম দেশৰ জনসাধাৰণ বিভিন্ন জনগোষ্ঠীৰ যেনে-মঙ্গোলীয় ,ইণ্ডো-বাৰ্মা ,ইণ্ডো-ইৰাণীয়ান আৰু আৰ্য্য জনগোষ্ঠীৰ সংমিশ্ৰণ।

      অসমৰ সংস্কৃতিৰ পৰিসৰ বৰ ব্যাপক। ইয়াত আমি সংস্কৃতি ৰ ভিতৰুৱা কেইটামান বিষয়ে আলোচনা কৰিম। সেইবোৰ হ’ল-

বিহু:-

অসমৰ জাতীয় উৎসৱ আৰু অসমীয়া সংস্কৃতিৰ অন্যতম প্ৰধান অংগ হৈছে বিহু। সংস্কৃত ‘বিষুবৎ’ শব্দৰ পৰা বিহু শব্দটো ওলাইছে। বিহু অসমৰ আটাইতকৈ জনপ্ৰিয় লোক-নৃত্য। বিহু বতৰত ডেকা-গাভৰু সকলোৱে মিলি বিহু নৃত্য কৰে। নাচৰ লগে লগে ঢোল, পেঁপা, গগনা, বাঁহী ইত্যাদি বজোৱা হয়। উৰ্বৰতাৰ বিশ্বাসক কেন্দ্ৰ কৰিয়েই বিহু গীত ৰচিত হৈছে। সেয়ে ইয়াত প্ৰেমৰ অনবদ্য স্বাৰূপ লক্ষ্য কৰা যায়। বহাগ বিহুত হুঁচৰি গোৱা হয়। আগৰ কালত বিহুৰ সময়ত অনুষ্ঠিত হোৱা প্ৰধান থলুৱা খেলবোৰ হ’ল-ম’হ যুঁজ, কুকুৰা যুঁজ ,কণী যুঁজ, শেন যুঁজ, ঢোপ খেল ইত্যাদি। ভৱিষ্যতে সুস্থ আৰু নিৰোগী জীৱন-যাপন  কৰিবৰ বাবে বিহুৰ সময়ত সাত শাক খোৱাৰ প্ৰথাও প্ৰচলন আছে। বিহু গীত অনুষ্ঠানমূলক লোকগীতৰ শ্ৰেণীৰ অন্তৰ্ভুক্ত। বিহুৰ সময়ত মাছধৰা আৰু জীৱ-জন্তু চিকাৰ কৰা ৰঙ্গানুষ্ঠান আছিল। পুৰণি কালত ‘শিয়াল খেদা’ এটা তৃপ্তিদায়ক ৰঙ্গানুষ্ঠান আছিল কিন্তু বৰ্তমান ই লোপ পাইছে। বিহুক এক সমাহৰণ উৎসৱ বুলিও কোৱা হয়।

কপৌফুল:- 

কপৌফুল অসমীয়া সংস্কৃতিৰ এটা অন্যতম অংগ। কপৌফুল অসমীয়া ডেকা গাভৰুৰ বৰ প্ৰিয়।প্ৰেম নিবেদনৰ ক্ষেত্ৰত এই কপৌফুলে বিশেষ স্থান লাভ কৰিছে। বিহু নাচনী সকলে কপৌফুল গুজি লৈ বিহু নাচ নাচে। বহাগ মাহৰ উদং পথাৰৰ বুকুত ডেকা গাভৰুৱে যি নাচ নাচে,সেই নাচে সৃষ্টিৰ অংকুৰ সিঁচে তাত কপৌফুলে অগ্ৰাধিকাৰ পায়। কপৌফুল পৰজীৱী।

গামোচা:-

অসমীয়া সংস্কৃতিত গামোচাই বিশেষ স্থান অধিকাৰ কৰি আছে। গামোচা খন হৈছে খুব সহজে চিনাক্ত কৰিব পৰা অসমীয়া মানুহৰ সাংস্কৃতিক চিন,যিটো সামাজিক আৰু ধৰ্মীয় উৎসৱত এৰাব নোৱাৰা বস্তু।গামোচা অসমীয়া সমাজ জীৱনৰ অতি আদৰৰ বস্ৰ। গামোচা চাৰিওফালে ৰঙা সূঁতাৰে পাৰি দি বোৱা এখন বগা দীঘলীয়া কাপোৰ। বিহু, বিবাহ অনুষ্ঠান বা অন্যান্য যিকোনো সামাজিক অনুষ্ঠানত গামোচাক সন্মানৰ প্ৰতীক হিচাপে ব্যৱহাৰ কৰা হয়।

 

KONICA MINOLTA DIGITAL CAMERA

জাপি:-

অসমীয়া সংস্কৃতিৰ এটা বিশিষ্ট অংগ হ’ল জাপি। অসমৰ লোক-কলাৰ এক সুন্দৰ নিদৰ্শন জাপি। বিহু উৎসৱৰ পৰা আৰম্ভ কৰি বিভিন্ন কাৰ্য্যসূচীত জাপিৰ ব্যৱহাৰ আজিও প্ৰচলিত। জাপি কেইবাপ্ৰকাৰৰো আছে, তাৰে ভিতৰত কিছুমান হ’ল-বৰ জাপি, গৰখীয়া জাপি, পানী জাপি, বনুৱা জাপি, হালোৱা জাপি ইত্যাদি। আহোম ৰাজত্ব কালতো জাপিৰ ব্যাপক প্ৰচলন আছিল। আজি-কালি প্ৰায়ে বিহুত সৰু সৰু জাপি লৈ নাচনীয়ে বিহু নৃত্য কৰা দেখা যায়।

তামোল-পাণ:-

তামোল-পাণৰ ব্যৱহাৰ অসমীয়া সংস্কৃতিৰ এটা প্ৰধান অংগ। অসমৰ ঘাইকৈ গাঁৱৰ বাসিন্দা সকলৰ বাবে তামোল-পাণৰ ব্যৱহাৰ এক অপৰিহাৰ্য আৰু সন্মানীয় বস্তু। সাধাৰণতে ভোজনৰ পিছত তামোল-পাণ  খাই মুখ শুদ্ধি কৰে। সকাম আদিতো তামোল-পাণ দি ঈশ্বৰক প্ৰাৰ্থনা জনায়।

শৰাই:

শৰাই অসমীয়া সংস্কৃতিৰ এক অনৱদ্য সম্পদ। ই থাপনাৰ আসন, নৈৱেদ্য-পাত্ৰ, উপহাৰ, গৃহ সজ্জাৰ কলাত্মক সামগ্ৰী। পিতল আৰু কাঁহ উভয়েৰে শৰাই নিৰ্মাণ কৰা হয়। অসমীয়া সমাজত সামাজিক কৰ্মাদি যেনে-পূজা-পাৰ্ৱন, সকাম, উৎসৱ আদিত নৈৱেদ্য বা প্ৰসাদ আদি সজাবৰ বাবে শৰাইৰ ব্যৱহাৰ কৰা হয়।

সত্ৰ:

অসমীয়া সংস্কৃতিলৈ সত্ৰৰ অৱদান উল্লেখনীয়। ‘সত্ৰ‘ শব্দ মহাপুৰুষ শংকৰদেৱেই প্ৰথম ভাগৱতৰ অনুবাদত প্ৰয়োগ কৰি থৈ গৈছে। মধ্যযুগত প্ৰতিষ্ঠিত অসমৰ সূত্ৰসমূহ হ’ল সামূহিক উপাসনা গৃহ তথা বৈষ্ণৱ ধৰ্ম চৰ্চাৰ কেন্দ্ৰস্থল। অসমীয়া ‘সত্ৰ’ শব্দটো সংস্কৃতৰ পৰা অহা-ইয়াৰ অৰ্থ দীৰ্ঘকালীন যজ্ঞ। সত্ৰ কেৱল উপাসনা স্থলেই নহয়, ই এটা জাতীয় অনুষ্ঠান। পুৰণি অসমীয়া সাহিত্য সৃষ্টিৰ অনুপ্ৰেৰণাৰ এটা উৎস হ’ল-সত্ৰ।সত্ৰ সমূহৰ অন্যতম সাহিত্যক অৱদান হ’ল অঙ্কীয়া নাট সমূহ।

 

আ-অলংকাৰ:-

অসমীয়া সংস্কৃতিৰ এটা গুৰুত্বপূৰ্ণ অংগ হ’ল-আ-অলংকাৰ। আ-অলংকাৰ পৰিধানৰ প্ৰধান কাৰণ হ’ল-সৌন্দৰ্য্য বৰ্দ্ধন। অসমীয়া মতা আৰু তিৰোতা উভয়ে অতীতত আ-অলংকাৰ পিন্ধিছিল। আ অলংকাৰসমূহৰ ভিতৰত দুগদুগি, কেৰুমণি,গামখাৰু, জোনবিৰি, ঢোলবিৰতি, সাতসৰী, গলপতা, মুঠিখাৰু ইত্যাদি।

 

ম’হ যুঁজ:

ম’হ যুঁজ অসমীয়া সংস্কৃতিত আহোম যুগৰ এটা জনপ্ৰিয় খেল। উজনি অসমত মাঘৰ বিহুত সাত দিনলৈকে ম’হ যুঁজ অনুষ্ঠিত হয়। আজিও ৰংপুৰৰ ৰূপহী পথাৰ, মেটেকা পথাৰ আদি ভালেমান ঠাইত মাঘৰ বিহুৰ পাঁচদিনৰ পৰা ম’হ যুঁজ ৰ আৰম্ভ হয়।

 

ঢোল:-

অসমীয়া সংস্কৃতিৰ অন্যতম গুৰুত্বপূৰ্ণ বাদ্যযন্ত্ৰ হ’ল-ঢোল। অসমৰ সকলো জনগোষ্ঠীৰে যিকোনো উৎসৱত ঢোল অপৰিহাৰ্য্য। ঢোলক অসমীয়া লোকে দেৱবাদ্য বুলি কয়। অসমত বিভিন্ন ধৰণৰ ঢোল জাতীয় বাদ্যযন্ত্ৰ আছে। অসমীয়া সমাজত বৰঢোল, পাতি ঢোল, ঢেপাঢোল আদি ঢোলৰ প্ৰচলন।

 

পেঁপা:-

অসমীয়া সংস্কৃতিৰ পৰিচায়ক বিহুৰ বাদ্য সমূহৰ ভিতৰত এক মোহনীয় লোক বাদ্য হ’ল-ম’হ ৰ শিঙৰ পেঁপা। আহোম স্বৰ্গদেউ সকলৰ শাসন কালত ৰাজ্যৰ শুভমূহুৰ্তত ‘ৰংশিঙা‘ আৰু অশুভ সময়ত ‘খংশিঙা’ বজাই প্ৰজাক জাননী দিছিল।

 

বাঁহী:-

অসমীয়া সংস্কৃতিৰ ক্ষেত্ৰত বাঁহী এক অপৰিহাৰ্য্য বাদ্যযন্ত্ৰ। বাঁহীক অসমত মুৰুলী, বংশী, বেণু, বাঁশী আদি নামেৰে জনা যায়। অসমৰ প্ৰায় সকলো জনগোষ্ঠীয়েই লোক-সংগীতত বাঁহী ব্যৱহাৰ কৰে। অসমৰ বিহুৰো বাঁহী এক উল্লেখযোগ্য বাদ্য।

তাঁতশাল:-

তাঁতশাল খন অসমীয়া সংস্কৃতিৰ এৰাব নোৱাৰা এক বহুমূলীয়া সম্পদ। তাঁতশালত বোৱা গামোচাখনিয়ে অসমীয়া জনজীৱনত সুন্দৰ সুকীয়া আসন এখন দখল কৰি আছে। বিহুৱান ৰ বাহিৰেও আমাৰ দৈনন্দিন জীৱনত ব্যৱহাৰৰ বাবে নানা ধৰণৰ কাপোৰ শিপিনী সকলে তাঁতশালত বুই কাটি লয়। যেনে- চাদৰ-মেখেলা, চেলেং, ৰুমাল আদি। অসমৰ জাতি-জনজাতি তথা শিপিনী সকলৰ বাবে তাঁতশাল খনৰ এক বিশেষ ভূমিকা আছে।

ওপৰত আলোচনা কৰা বিষয় সমূহে অসম বা অসমীয়া সংস্কৃতিৰ বিকাশত বিশেষ অৰিহনা যোগাইছে।অসমীয়া সংস্কৃতি সমন্বয় সংস্কৃতি।বিভিন্ন আৰ্য-অনাৰ্য্য আৰু থলুৱা উপাদানৰ সমন্বয় আৰু সমাহৰণত অসমীয়া সংস্কৃতি গঢ় লৈ উঠিছে।এনেদৰেই আলোচনা কৰিব পাৰি চমুকৈ অসমৰ বা

Leave your vote

-1 points
Upvote Downvote

Total votes: 3

Upvotes: 1

Upvotes percentage: 33.333333%

Downvotes: 2

Downvotes percentage: 66.666667%

1 COMMENT

LEAVE A REPLY

Please enter your comment!
Please enter your name here

Hey there!

Forgot password?

Forgot your password?

Enter your account data and we will send you a link to reset your password.

Your password reset link appears to be invalid or expired.

Close
of

Processing files…