ব্ৰহ্মপুত্ৰ নদী
অসমৰ সমাজেৰে বৈ যোৱা ব্ৰহ্মপুত্ৰ নদী অসমৰ সৰ্বোত্তম নদী, যাৰ লগত তুলনা কৰিবলৈ অসমৰ আন বেলেগ নদী একো নাই। আজিৰ বিষয়ত অসমৰ ব্ৰহ্মপুত্ৰ আৰু ইয়াৰ উপনৈ সমূহ লগতে, এই নদীৰ ভৌগোলিক অৱস্থিতি সম্পৰ্কে জনাম। আমি ব্ৰহ্মপুত্ৰ নদীৰ বিষয়ে সকলোৱে জানো কিন্তু ইয়াৰ যে কিমান উপনৈ আছে সেই বিষয়ে বহু মানুহে নাজানে। যি জনাত দৰকাৰ কাৰণ আমি যিখন ৰাজ্যৰ নাগৰিক সেই ৰাজ্যৰ সকলো কথা জনাৰ লগতে ভৌগোলিক বিষয়েও জনা প্ৰয়োজন। এতিয়া পলম নকৰি আৰম্ভ কৰা যাওক
ব্ৰহ্মপুত্ৰৰ অৱস্থিতি:
অসমৰ মাজেৰে পূৱ দিশৰ পৰা পশ্চিমলৈ বৈ যোৱা ব্ৰহ্মপুত্ৰ নদী হিমালয়ৰ মানস সৰোবৰৰ পূৱ ফালে থকা ‘টামচুক থমবাব ‘ (প্ৰায় 31 ডিগ্ৰী উত্তৰ অক্ষাংশ আৰু 42 ডিগ্ৰী পূৱ দ্ৰঘিমাংশ) নামৰ এটা হিমবাহৰ পৰা উৎপত্তি হৈছে আৰু বিভিন্ন নাম লৈ এই নদ অসমৰ মাজেৰে বৈ আহি বঙ্গোপসাগৰত পৰিছে। এই নদী দীঘল প্ৰায় 2700 কিলোমিটাৰ অংশ অসমত পৰিছে।
ব্ৰহ্মপুত্ৰৰ উপনৈ সমূহ:
ব্ৰহ্মপুত্ৰৰ উপনৈ সৰু বৰ বহু আছে, মই যিবিলাক উপনৈ ৰ কথা কম সেইবোৰ প্ৰধান নৈ বোৰৰ কথা, ব্ৰহ্মপুত্ৰ নদীৰ উপনৈ সমূহক দুটা ভাগেৰে ভাগ কৰিব পাৰি, সেইদুটা হল…
1. উত্তৰ বাহিনী বা দক্ষিণ পাৰৰ উপনৈ অৰ্থাৎ যিবিলাক নদী দক্ষিণৰ পৰা বৈ আহি ব্ৰহ্মপুত্ৰত পৰিছে।
2. দক্ষিণ বাহিনী বা উত্তৰ পাৰৰ উপনৈ অৰ্থাৎ যিবিলাক নদী উত্তৰ দিশৰ পৰা বৈ আহি ব্ৰহ্মপুত্ৰত পৰিছে।
উত্তৰ বাহিনী বা দক্ষিণ পাৰৰ উপনৈ:
- জিনাৰী,
- কৃষ্ণাই,
- দুধনৈ,
- শিংৰা,
- কুলসী,
- ভৰালু,
- ডিগাৰু,
- কপিলী,
- ধনশিৰী,
- ভোগদৈ,
- জাঁজী,
- দিখৌ,
- বুঢ়ীদিহিং,
- নদিহিং এইবোৰে প্ৰধান ব্ৰহ্মপুত্ৰৰ উত্তৰ বাহিনী উপনৈ।
ব্ৰহ্মপুত্ৰৰ দক্ষিণ বাহিনী উপনৈ:
- সোণকোষ,
- সৰলা,
- ভাঙ্গা,
- চম্পাৱতী,
- মানাহ,
- চাউলখোৱা,
- পাগলদিয়া,
- পুঠিমাৰী,
- বৰনদী,
- নোৱানৈ,
- পাঁচনৈ,
- বেলশিৰি,
- গাভৰু,
- ভৰলী,
- দিকৰাই,
- ঘিলাধাৰী,
- দিক্ৰং,
- ৰঙানৈ,
- সোৱনশিৰি,
- দিবাং আদি এইবোৰে উত্তৰৰ পৰা বৈ গৈ ব্ৰহ্মপুত্ৰত মিলিত হৈছে।
ইয়াৰ উপৰি ব্ৰহ্মপুত্ৰ নদীৰ মাজতে বিশ্বৰ আটাইতকৈ ডাঙৰ নদীদ্বীপ মাজুলী আৰু আটাইতকৈ সৰুদ্বীপ উমানন্দ অৱস্থিত।
আজিৰ এই বিষয়টো বিশেষকৈ ছাত্ৰ ছাত্ৰী সকলৰ উপযোগী হব, ভূগোল বিষয়ত নিতান্তই জনিবলগীয়া কথা, কাৰণ পৰীক্ষাত প্ৰায় আহি থাকে ব্ৰহ্মপুত্ৰৰ উপনৈ সমূহৰ নাম চাৰিটা বা পাঁচটা। আশা কৰোঁ যেন বিষয়টো উপযোগী হয় আৰু অসমৰ ব্ৰহ্মপুত্ৰৰ নদীৰ উপনৈ বোৰৰ নাম সকলোৱে জানে।
Education, Career and Job notification related portal Click Here visit site