ব্লগ হৈছে এখন ইন্টাৰনেটৰ জগতৰ মঞ্চ য’ত এজন লেখক বা এটি লেখকৰ যিকোনো এটি বিষয়-বস্তুৰ ওপৰত লেখা আগবঢ়াব পাৰে|
ব্লগ কি (What is Blog)?
ব্লগ হৈছে ৱৰ্ল্ড ৱাইড ৱেব (WWW – World Wide Web)ত প্ৰকাশিত এবিধ তথ্যপূৰ্ণ বা আলোচনামূলক ৱেবচাইট (WEBSITE)। ব্লগবোৰত লিখা কথাবোৰ মূলতঃ দিনলিপিৰ নিচিনাকৈ খণ্ড খণ্ডকৈ প্ৰৱিষ্টিত (এইবোৰক পষ্ট (Post) বুলি কোৱা হয়) ভৰোৱা হয়। সাধাৰণতে ব্লগত সন্নিৱিষ্ট পষ্টবোৰ ওলোটা ক্ৰমত সজোৱা হয় যাতে শেহতীয়াকৈ প্ৰকাশিত পষ্টবোৰ ৱেবপৃষ্ঠাটোৰ একেবাৰে শীৰ্ষত স্থান পায়। ২০০৯ চন মানলৈ ব্লগবোৰ ঘাইকৈ একো একোজন ব্যক্তিৰ নিজস্ব প্ৰচেষ্টাত প্ৰকাশ পাইছিল, তাৰ মাজতে দুই এটা ব্লগ সমূহীয়াকৈও প্ৰকাশ পাইছিল। একেদৰে বিষয়বস্তুৰ ক্ষেত্ৰতো তেতিয়া ব্লগবোৰত এটা নিৰ্দিষ্ট বিষয়ক কেন্দ্ৰ কৰি লেখা প্ৰকাশ পাইছিল।
২০১০ চনৰ পিছৰপৰা “একাধিক লেখকৰ সন্মিলিত ব্লগ” (ইংৰাজীত যাক কোৱা হয় Multi-Author Blogs বা চমুকৈ MABs) প্ৰকাশৰ জোৱাৰ উঠে বুলিব পাৰি। এনেবোৰ ক্ষেত্ৰত একেটা Blog তে বহু লোকৰ লেখা বা পষ্ট প্ৰকাশ পায়। এনে সন্মিলিত ব্লগ কিছুমান সম্পাদনা কৰিবলৈ আজিকালি বৃত্তিগত লোকো নিয়োগ কৰা হয়। সম্প্ৰতি বিভিন্ন সংবাদ মাধ্যম, বিশ্ববিদ্যালয়, ছাত্ৰসমাজ, উকীল সংস্থা বা অন্যান্য বিভিন্ন প্ৰতিষ্ঠানৰ দ্বাৰা ওলোৱা সমূহীয়া ব্লগৰ লেখ-জোখ নাই।সাধাৰণতে একোটা ব্লগত লেখা, ডিজিটেল চিত্ৰ, আন ব্লগলৈ যাব পৰা লিংক, ৱেবপৃষ্ঠা আৰু বিষয়টোৰ লগত জড়িত আন মাধ্যমসমূহ থাকে। অধিকাংশ ব্লগেই মূলতঃ লেখাকেন্দ্ৰীক যদিও কলা, চিত্ৰ, ভিডিঅ’ (ইয়াক ভ্লগ বুলি জনা যায়), অডিঅ’ আদিৰ ওপৰত ভিত্তি কৰি গঢ়ি উঠা ব্লগো আছে।
ব্লগটো সেইটো বিষয়ৰ ওপৰত বনাব যত আপোনাৰ অধিক তথ্য বা জ্ঞান আছে। বিভিন্ন বিষয় সাঙুৰিও multi -topic ব্লগ বনাব পাৰে।
ব্লগাৰ কি (What is Blogger)?
ব্লগাৰ (ইংৰাজী: Blogger; পূৰ্বৰ নাম: ব্লগস্পট; Blogspot) হৈছে এক ৱৰ্ল্ড ৱাইড ৱেবত প্ৰকাশিত এখন তথ্যপূৰ্ণ বা আলোচনামূলক মুক্ত মঞ্চ। যেনে_WordPress, Tumblr, Gator, Medium, Ghost, Wix, Squarespace আদিৰ দৰে ব্লগাৰো এক আলোচনামূলক মুক্ত মঞ্চ। ইয়াক প্ৰথমে ১৯৯৯ চনত প্ৰকাশ কৰে প্যৰা লাবছে (Pyra Labs)। এই ব্লগাৰত দুই ধৰণে তথ্যবোৰ (ইউনিকোডত) প্ৰকাশ কৰিব পাৰি (ক) প’ষ্ট (Post) আকাৰে নাইবা (খ) পৃষ্ঠা (Page) আকাৰে। ব্লগাৰত সন্নিৱিষ্ট ডাকবোৰ সাধাৰণতে ওলোটা ক্ৰমত সজোৱা হয় যাতে শেহতীয়াকৈ প্ৰকাশিত ডাকবোৰ ৱেবপৃষ্ঠাটোৰ একেবাৰে শীৰ্ষত থাকে আৰু সহজে পঢ়িব পাৰে।
অন্য কথাত কবলৈ গলে আপুনি যদি কোনো এটা ব্লগ পৰিচালনা কৰে আপোনাকো এজন ব্লগাৰ বুলি কোৱা হব।
Blogger হল গুগলৰ এক সেৱা যত মানুহে বিনামূলীয়াকৈ ব্লগ বনাব পাৰে। ইতিমধ্যে মই এটা পোষ্ট লিখিছোঁ ব্লগাৰত কেনেকৈ ব্লগ বনাব পাৰি!
ব্লগিং কি (What is Blogging?
ব্লগিং ৰ (Blogging) বিষয়ে আপুনি হয়টো বিভিন্ন মাধ্যমৰ জৰিয়তে পঢ়িচে বা শুনিছে । বহু লোকে লিখা মেলা কৰিব বিচাৰে কিন্তু সেয়া social media আদিত বেছি ব্যৱহাৰ কৰে। এই Article টো সেইসকল লোকৰ বাবে লিখিছোঁ যিসকলে ব্লগীংৰ (Blogging) বিষয়ে জানিবলৈ আগ্ৰহী আৰু ইয়াৰ বিষয়ে বেছি জ্ঞান নাই আৰু কোনোধৰণৰ সহায় সহযোগ পোৱা নাই।
ব্লগিং কেনেকৈ আৰম্ভ কৰা হব
আপুনি যদি কোনোবিষয়ত আগ্ৰহী আৰু নিজাকৈ এটা ব্লগ সম্পূৰ্ণ বিনামূল্যে বনাব বিচাৰে মনোযোগেৰে পঢ়িব।
ব্লগ এটা বনাবলৈ আপুনি কেইটা মান বিশেষ কথা মনত ৰাখিব লাগিব। ব্লগ এটা সাজিবলৈ প্ৰয়োজনীয় সজুলি বোৰৰ ভিতৰত প্ৰথমে,
আপোনাৰ এটা Email r ৰ প্ৰয়োজন হব।
দ্বিতীয়তে, আপুনি ব্লগৰ কাৰণে বিষয় নিৰ্বাচন কৰিব লাগিব।
ব্লগ এটা আপুনি দুই ধৰণে বনাব পাৰিব মূল্য পৰিশোধ কৰি আৰু বিনামূলীয়াকৈ। এইক্ষেত্ৰত মই আপোনালোকক বিনামূলীয়াকৈ কিদৰে ব্লগ বনাব পাৰি সেইটো জনাম। কাৰণ মই ভাবো প্ৰথম আৰম্ভ ফ্ৰিৰে কৰিলে আপুনি এই বিষয়ে বহু কথা জ্ঞাত হব।
Domain নাম নিৰ্বাচন কৰিব লাগিব অৰ্থাৎ যিটো আপোনাৰ ব্লগ টোৰ নাম হব। এইবোৰ কাম কৰাৰ পিছত আপোনাৰ ব্লগটো ডিজাইন কৰিব লাগিব , সেইটো আপুনি নিজৰ ৰুচি অনুযায়ী পছন্দ কৰিব পাৰিব বা Customize কৰিব পাৰিব। এইখিনি প্ৰক্ৰিয়া সম্পাদন কৰি আপুনি Blogger বা WordPress ত বিনামূল্যে ব্লগ এটা সাজি উলিয়াব পাৰিব।
*Blogger ত কেনেকৈ ফ্ৰীতে ব্লগ বনায়
আজিৰ শিক্ষা
আজিৰ লিখনিত অসমীয়া পাঠকসকলে ব্লগ, ব্লগাৰ আৰু ব্লগিঙ ৰ বিষয়ে জানিব পাৰিছে বুলি আশা কৰিলো। অন্য দিশত কাৰোবাৰ কোনো প্ৰশ্ন থাকিলে কমেন্তৰ জৰিয়তে কৰিব পাৰিব।
[…] ব্লগ কি? ব্লগিং কেনেকৈ আৰম্ভ কৰা হব! -What i… […]
Education, Career, and Job notification Blogs Visit Click here